মাঘী পূৰ্ণিমা বুলি

 মাঘ মাহৰ আজিৰ পূৰ্ণিমা তিথি কি,  কিয় বিখ্যাত সৰুতে আমি জনা নাছিলো।কিন্তু মাঘী পূৰ্ণিমা আমাৰ বাবে বিশেষ আছিল।ইয়াৰ কাৰণ হৈছে - কলিয়াবৰৰ হাটবৰত থকা ভৰালী নামঘৰ। ভৰালী নামঘৰত মাঘী পূৰ্ণিমাৰ তিথি উলহ মালহৰে পালন কৰা হয়। দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম হয়! মানুহৰ ভিৰ ইমান বেছি হয় যে মন্দিৰ সমিতিয়ে অকলে নিয়ন্ত্ৰন কৰিব পৰা নাছিল। ফলত আমি স্কুলৰ পৰা scout and guides ৰ guides সকল গৈছিলো। ল'ৰা স্কুলৰ পৰা scouts সকল আহিছিল। কলিয়াবৰ  কলেজৰ NCC ৰ সৰু দল এটাও আহিছিল বাৰু। সেয়া আছিল crowd management ৰ ক্ষেত্ৰত আমাৰ আদি পাঠ! 

ভক্ত সকলৰ প্ৰসাদ আৰু ভোগ খোৱাৰ শেষত , আমি vlonteer সকলে খোৱা বোৱা কৰিছিলো। 

https://www.facebook.com/share/v/1BiS7yNHCg/

আজি জানো মাঘী পূৰ্ণিমাৰ মহত্ব।

আজি জানো এয়া কৃষ্ণ বা বিষ্ণু উপাসক সকলৰ বাবে আজি অতি পবিত্ৰ দিন!

কিন্তু আজি আৰু সেই আনন্দ আৰু উলহ মালহ নাই যে! 

চহৰীয়া জীৱন আৰু ব্যস্ততা।

তথাপি ঈশ্বৰৰ চৰণত অৰ্পণ কৰো ভক্তি অঞ্জলি। তেনেই অনুষ্টুপীয়াকৈ!

আইক সোঁৱৰী বনাবৰ বাবে চেষ্টা কৰিলোঁ কেঁচা পিঠাগুড়িৰ লাৰু কেইটা! ঢেকী নোহোৱা চহৰখনত  মিক্সিত খুন্দি হলেওঁ!


Post a Comment

0 Comments