জীৱনটো সাংঘাটিকভাৱে slow হৈ গৈছে! ঠিক যেন শামুকটোৰ দৰে। আগেয়ে পাঁচ মিনিটত সাউতকৈ কৰি পেলোৱা কামটোকে কৰিবলৈ এতিয়া মোক আধাঘন্টা লাগে। তৎক্ষণাত ঘূৰিব নোৱাৰো; হাউলিব নোৱাৰো, বেকা হ'ব নোৱাৰো; খোজো খৰকৈ দিব নোৱাৰো।আনকি মোৰ প্ৰিয় গাড়ী চলোৱা কামটো ও কৰিব নোৱাৰো! আগেয়ে জপং জপংকৈ দীঘল দীঘল খোজ দিছিলো; কাছৰ গতিত যোৱা বা ক জোকাইছিলো।তাইৰ লগত সমানে খোজ আৰম্ভ কৰিলে ত…
Read moreআমাৰ সময়ত মেট্ৰিক পৰীক্ষাত অহা সাম্ভাব্য ৰচনা এখন আছিল 'মোৰ জীৱনৰ লক্ষ্য'। হাঁহি উঠে এতিয়া; নিজৰ জীৱনৰ লক্ষ্য ঠিক নকৰাকৈয়ে আমিবোৰে পৰীক্ষাকেন্দ্ৰীক উদ্দেশ্যেৰে ৰচনা এখন বঢ়িয়াকৈ সাজু কৰি মুখস্থ কৰিছিলো। (বহুতে একেখনকে লিখিছিল আৰু আমাৰ তিনি বাই ভনিৰো ৰচনাত জীৱনৰ লক্ষ্য একেখনেই চলি থাকিল!) তাৰ আগতে অৱশ্যে লক্ষ্যধৰ চৌধুৰীদেৱৰ বিখ্যাত কবিতাটোৰ সৈতে …
Read moreঠিক টোপনিটো আৰম্ভ হৈছিলহেনে- ভঙা ঘিলাৰ বিষটোৱে অতিষ্ঠ কৰি তুলিছে। বিষ মানে প্ৰচন্ড বিষ। কান্দিবৰ মন যোৱাকৈ বিষ। দিনটোৰ ক্লান্তিত শুই পৰা কাকো জগাবলৈ সত নাই যোৱা। ইকাটি-সিকাতি কৰিলেই ঘিলাটোৱে যেন হুমকিহে দি উঠে! বুজিলো- আৰু এটা ভয়ংকৰ নিশা উজাগৰে কটাব লাগিব। অথচ উজাগৰী নিশাবোৰ মোৰ কিমান প্ৰিয় আছিল! হোষ্টলীয়া জীৱনৰ মাদকতা মানেই যেন আছিল উজাগৰি নিশা। ৰাতিটো…
Read more২৩ ডিচেম্বৰ।পুৱা ৮.২০ মিনিট। ছোৱালীক স্কুল পঠিৱাৰ বাবে দৌৰা-দৌৰি কৰাৰ সময়। সেইদিনা তাইৰ স্কুলত আছিল প্ৰি- খ্ৰীষ্টমাছ উদযাপন । আগদিনা আহি পোৱা জুৰে আগ্ৰহৰে ভনিয়েকক সাজু কৰিছে। টিফিন-স্কুলবেগ সাজু কৰি ঠিক ডাইনিং টেবুলখনৰ ওচৰ পাওটেই মই মৰণকাতৰ চিঞৰ এটা মাৰি পৰি গ'লো। মই পৰিলো আৰু আঠুত কটককৈ হোৱা শব্দটোত মই বুজিলো মোৰ আঠুত বাৰুকৈয়ে কিবা এটা ঘটিছে। তীব্ৰ য…
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin